তালিবানৰ সহযোগত কাশ্মীৰ দখল কৰিব পাকিস্তানেঃ টিভিৰ বিতৰ্কৰ অনুষ্ঠানত পাকিস্তানী নেতাৰ বিস্ফোৰক মন্তব্য

Share

সুপ্রিয়া তৰফদাৰ

আফগানিস্তান,২৬ আগষ্ট : আফগানিস্তানৰ শাসনলৈ তালিবান পুনৰ উভতি অহাৰ ক্ষেত্ৰত পাকিস্তানৰ পৃষ্ঠপোষকতাৰ কথা আফগানিস্তানৰ নাগৰিকে মুকলিকৈ কৈছিল। আফগানিস্তানৰ নাগৰিকৰ এই অভিযোগ খণ্ডন কৰিছিল পাকিস্তানে।কিন্তু এতিয়া পাকিস্তানৰ শাসনত থকা ইমৰান খানৰ দলৰ নেতাসকলে টিভিত প্ৰকৃত সত্য কথা ক’বলৈ আৰম্ভ কৰিছে। এটা পাকিস্তানী টিভি চেনেলত এক বিতৰ্ক অনুষ্ঠানত, ইমৰান খানৰ দলৰ নেতা নীলম ইৰশাদ শ্বেইখে কৈছে তালিবান পাকিস্তানৰ সৈতে আছে আৰু অদূৰ ভৱিষ্যতে তালিবানৰ সহায়ত পাকিস্তানে কাশ্মীৰ জয় কৰিব।

এই সম্পৰ্কীয় এটা ভিডিঅ’ প্ৰাক্তন পাকিস্তানী কূটনীতিবিদ হুছেইন হাক্কানিয়ে শ্বেয়াৰ কৰিছে।ভিডিঅ’টোত টিভি চেনলৰ এংকৰে ইমৰান খানৰ দলৰ নেতাৰ সেই বক্তব্যত বাধা
দিয়াৰ চেষ্টা কৰে যদিও, তেওঁ গৌৰৱেৰে সেই বিষয়ে মন্তব্য অব্যাহত ৰাখে আৰু কাশ্মীৰ সম্পৰ্কে পাকিস্তানৰ অভিপ্ৰায় স্পষ্ট কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *