বিহুৰ বিশ্ব ৰেকৰ্ডৰ পিছতেই এইবাৰ ২৪ ফেব্ৰুৱাৰী ২০২৫ ত অনুস্থিত হোৱা ঝুমই বিনন্দিনী অনুষ্ঠান সফলভাৱে ৰূপায়ন কৰিছিল হাজাৰ হাজাৰ চাহ জনগোষ্ঠীয় শিল্পীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত প্ৰায় ৮০০০ চাহ জনগোষ্ঠীয় শিল্পীয়ে ঝুমই নৃত্য প্ৰদৰ্শন কৰিছিল। অসমৰ ২৭ খন জিলাৰ ভিতৰত ২৪ খন জিলাৰ শিল্পীয়ে এই অনুষ্ঠালত অংশ গ্ৰহণ কৰিছিল। এই অনুষ্ঠানত অংশ গ্ৰহণ কৰা প্ৰত্যেককে মাননিৰ লগতে প্ৰমাণ পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। গুৱাহাটী খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বিশেষজ্ঞ সমিতিৰ ২৯ গৰাকী সদস্য, ৭৫৩৯ গৰাকী শিল্পী আৰু ৩৫৮ গৰাকী প্ৰশিক্ষকক এই মাননি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰে। প্ৰত্যেককে ২৫০০০ টকাকৈ প্ৰদান কৰে।
এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী শৰ্মাই চাহ বাগিচাৰ লোকসকলৰ বাবে চৰকাৰে বহু পদক্ষেপ লোৱা বুলি জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী চাহ শ্ৰমিক প্ৰোৎসাহন যোজনাৰ অধীনত ৰাজ্যৰ চাহ বাগিচাসমূহৰ লগতে ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ৮০ খন সঞ্জীৱনী বাহন দিয়াৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই কয় যে, অহা বছৰ অসম চৰকাৰে দিল্লীত ৭ দিন অসমৰ চহকী সংস্কৃতিক উপস্থাপনৰ প্ৰয়াস কৰিব। চাহ জনগোষ্ঠীয় শিল্পীসকলেও তেওঁলোকৰ সংস্কৃতি উপস্থাপনৰ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ জৰিয়তে অসমৰ জনগোষ্ঠীয় সংস্কৃতিৰ অধিক প্ৰসাৰ ঘটিব। এই অনুষ্ঠানতে তেওঁ কয় যে, অহা জানুৱাৰীত অসম চৰকাৰে চাহ বাগিচাৰ অঞ্চলসমূহত ১০০ খন হাইস্কুল প্ৰতিস্থা কৰিব। অসমৰ বিভিন্ন জিলাত চাহ জনগোষ্ঠীয় লোকসকলে জনজাতিকৰণ, ভূমিপট্তা প্ৰদান, দৈনিক মজুৰি বৃদ্ধিৰ দাবীৰে প্ৰতিবাদ কৰি থকাৰ সময়তে, চাহ বাগিচাৰ মাটিৰ পট্তা চাহ শ্ৰমিকসকলক দিয়াৰ বাবে এখন আইন অনাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।