অসমীয়া জাতীয় জীৱনৰ স্বাভিমানী অনুষ্ঠান অসম সাহিত্য সভাৰ বিতৰ্ক যেন অন্তই নপৰিব । শেহতীয়া কৰ্ম-কাণ্ডই এই কথাকে স্পষ্ট কৰিছে । জাতিক অপমান কৰা অঘোষিত প্ৰতিযোগীতাত যেন নামি পৰিছে সাহিত্য সভাৰ একাংশ কাণ্ড-জ্ঞানহীন কৰ্মকৰ্তা । বিতৰ্কৰে বাতৰিৰ শিৰোনাম দখল কৰি থকা জাতীয় অনুষ্ঠানটিৰ একাংশৰ লজ্জাজনক আচৰণে চিন্তিত কৰিছে সচেতন মহলক । ৰবিবাৰে কামৰূপৰ দদৰাস্থিত ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত সংঘটিত হয় এই নিলৰ্জ্জ কাণ্ড । কাৰ্যনিৰ্বাহকত অংশ ল’ব বিচৰা প্ৰতিনিধিক জেওৰা খুটিৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় । খবৰ অনুসৰি কাৰ্যনিৰ্বাহকত প্ৰবেশত বাধা দিয়াক লৈয়ে এই অনাহক পৰিস্থিতিৰ স্থিতি হয় । যুৱ সংঘৰ সদস্য বুলি চিনাকী দিয়া – সুশীল ডেকাৰ অভিযোগ অনুসৰি নিমন্ত্ৰণী পত্ৰ দিয়া হোৱা নাই বুলি প্ৰশ্ন কৰাত অজিত শৰ্মাই আক্ৰমণ কৰিবলৈ উদ্যত হয় । আনহাতে কাৰ্যনিৰ্বাহকত প্ৰৱেশ কৰিবলৈ আহি সুশীল ডেকাই উচ্চ-বাক্য কোৱাৰ লগতে অশালীন শব্দৰে কাৰ্যনিৰ্বাহক বৈঠক বিশৃংখল কৰে বুলি অজিত শৰ্মাই অভিযোগ কৰে । তাৰপিছতে প্ৰচণ্ড মাৰপিট হোৱাৰ উপক্ৰম হয় । এনেদৰে এই লজ্জিত কাণ্ডত বৰ্তমান অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।