দেশৰ ভৱিষ্যৎ ৰ্নিমাণত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ গুৰুত্বপূৰ্ণ ভূমিকা

Share

উপাসনা ডেকাৰ প্ৰতিবেদন
নতুন দিল্লী,৩০জুলাই: আজি ৰাষ্ট্ৰীয় শিক্ষানীতি ঘোষনা কৰা এবছৰ সম্পূৰ্ণ হয়। ইয়াৰ উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি শিক্ষা খণ্ডৰ লগত জড়িত ব্যক্তি,শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকলৰ লগত বাৰ্তালাপ কৰে আৰু সকলোকে শুভেচ্ছা জনায়।এই বাৰ্তালাপৰ মাজতেই মোডীয়ে দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ঘোষণা কৰে।
মোডীয়ে কয় যে বৰ্তমান ‘প্লে’ স্কুলৰ ৱ্যবস্থাটো কেৱল নগৰাঞ্চলৰ মাজতেই সীমিত।সেয়েহে মোডীয়ে গ্ৰাম্যঞ্চলৰ শিশু সকলৰ বাবেও এই ‘প্লে’ স্কুলৰ সুবিধা লাভ কৰিব বুলি ঘোষণা কৰে।ইয়াৰ লগতে প্ৰধান মন্ত্ৰী গৰাকীয়ে আন এক ঘোষণা কৰে।তেওঁ কয় যে ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম ১১টা ভাৰতীয় ভাষালৈ অনুবাদ কৰাৰ বাবে টুলৰ বিকাশ সাধন হৈছে।ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ভাষাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মূখীন নহ’ব।আৰু ইঞ্জিনিয়াৰিং পঢ়াটো সহজ হৈ পৰিব।ইয়াৰ লগতে আজি ‘বিদ্যা প্ৰৱেশ আচঁনি’ আৰম্ভ কৰা হয়।এই আচঁনিৰ অধীনতে গাঁৱসমূহত প্লে’ স্কুলৰ ৱ্যবস্থা কৰা হব।ইয়াৰ লগতে ৮খন ৰাজ্যৰ ১৪ খন ইঞ্জিনিয়াৰিং কলেজত ৫টা ভাৰতীয় ভাষা হিন্দী,তামিল,মাৰাঠী,তেলেগু আৰু বাংলা ভাষাত এই পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *