পশ্চিম কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন

Share

সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাতো “ৰাষ্ট্ৰীয় ডেংগু দিৱস” উৎযাপন কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগৰ উদ্যোগত আজি জেংখাৰ থেপ্লি-আৰাম মধ্য ইংৰাজী বিদ্যালয় আৰু হামৰেন মহকুমা অসামৰিক চিকিৎসালয়ত সজাগতা সভা অনুষ্ঠিত কৰা হয়।

জিলা স্বাস্থ্য সমিতি, পশ্চিম কাৰ্বি আংলঙৰ যুটীয়া সঞ্চালক ডাঃ জগত সিং টেৰন, হামৰেণ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ আলতাফ হুছেইন, ৰাষ্ট্ৰীয় বাহক জনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ জিলা ন’ডেল বিষয়া ডাঃ মন্তু কুমাৰ শ্যাম আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, পশ্চিম কাৰ্বি আংলঙৰ জিলা আঁচনী প্ৰৱন্ধক হিল্টন শইকীয়াৰ উপস্থিতিত হামৰেণ অসামৰিক চিকিৎসালয়ৰ প্ৰাংগণত এখন সজাগতা সভা অনুস্থিত কৰা হয়। স্বাস্থ্য বিষয়াসকলে মূলত ডেংগুৰ দৰে মাৰাত্মক ৰোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি আৰু আক্ৰান্ত হ’লে কিদৰে চৰকাৰী ব্যৱস্থাৰ মাজেৰে চিকিৎসা গ্ৰহণ কৰিব পাৰি আদি দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উপস্থিত ৰাইজক অৱগত কৰে। আনহাতে জেংখাৰ থেপ্লি-আৰাম মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে হামৰেণ মডেল প্ৰাথমিক বিদ্যালয়টো আজি “ৰাষ্ট্ৰীয় ডেংগু দিৱস” পালন কৰা হয়। মূলতঃ স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বাহক জনিত ৰোগক লৈ সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা এই অনুষ্ঠানত ১০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সফলতাত অৰিহণা যোগাইছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *