গুৱাহাটী, ১১ ডিচেম্বৰ: কোকৰাঝাৰৰ ভুটীয়াপাৰা খেলপথাৰত সম্পুৰ্ণ মাংগলিক কাৰ্যসুচীৰে বিগত দেওবাৰে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপন কৰা হৈছিল।অহা ২৭,২৮,আৰূ ২৯ ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ ভূটীয়াপাৰা খেলপথাৰত অনুষ্ঠিত হব অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰি-বাৰ্ষিক অধিৱেশন ।এই লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত আছিল সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লক্ষণ নাথ , সাধাৰণ সম্পাদক অৰবিন্দনাথ, কহিনুৰ থিয়েটাৰৰ মুখ্য অভিনেতা কৃষ্ণমণি নাথ ,বিশিষ্ঠ সমাজসেৱক মুৰুলীধৰ মেধি ,নিৰ্জয় ইছলাৰী আদিকে ধৰি বহু বিশিষ্ট অতিথিয়ে অংশ গ্ৰহণ কৰাৰ লগতে কেইবা শতাধিক স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰিছিল। লাইখুটাঁ স্থানীয় কাৰ্যসুচী সম্পন্ন হোৱাৰ পিছতে কেইবাশতাধিক নাচনীয়ে কাৰ্তিকা নৃত্য প্ৰদৰ্শন কৰিছিল আৰু অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে সংবাদ মাধ্যমৰ আগত কয় যে , অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈছে আৰু এইবাৰৰ অধিৱেশন খনে ইতিহাস ৰচিব লাগিব।
জানিব পৰা মতে, সকলো জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত হব নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰি- বাৰ্ষিক অধিৱেশনস্থলী । ২৭ ডিচেম্বৰত আৰম্ভ হব লগীয়া অধিৱেশনত ৰাজ্যৰ সকলো জাতীয় – জনগোষ্ঠীয় সংগঠনসমুহৰ নেৰ্তৃবৰ্গৰ উপস্থিতিত প্ৰথমথন মুকলি সভা আৰু দ্বিতীয়দিনা ৰাজনৈতিক নেৰ্তৃবৰ্গৰ উপস্থিতিত দ্বিতীয়খন মুকলি সভা অনুষ্ঠিত হব। সমাগত লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে কিছূমান দাবী পূৰণ কৰাৰ বাবে চৰকাৰ ওচৰত দাবী জনাইছে। ইপিনে লাইখূটাঁ স্থাপন কাৰ্যসূচীত কহিনুৰ থিয়েটাৰৰ মুখ্য অভিনেতা কৃষ্ণমণি নাথ উপস্থিত থাকি সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ত্ৰি -বাৰ্ষিক অধিৱেশনৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে।