১৯ জুনত মুকলি হ’ব নালন্দা বিশ্ববিদ্যালয়

Share
কাইলৈ মুকলি কৰা হ’ব বিহাৰৰ নালন্দা বিশ্ববিদ্যালয়। ১৯ জুনৰ পুৱা প্ৰায় ৯:৪৫ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে নালন্দাৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিব। ২০১৬ চনৰ  ধ্বংসাৱশেষক ৰাষ্ট্ৰসংঘৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল। পুৱা প্ৰায় ১০:৩০ বজাত তেওঁ ৰাজগীৰত  নালন্দা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰিব। এই বিশ্ববিদ্যালয়খন ভাৰত আৰু ইষ্ট এছিয়া ছামিট(ESS) দেশসমূহৰ সহযোগিতা হিচাপে কল্পনা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ১৭ খন দেশৰ মুৰব্বীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়খনৰ কেম্পাছটোত  মুঠ ৪০ টা শ্ৰেণীকোঠাৰ লগতে দুটা একাডেমিক ব্লক আছে।
মুঠ আসনৰ ক্ষমতা প্ৰায় ১৯০০। ইয়াত ৩০০ টাকৈ আসনৰ ক্ষমতা থকা দুটা প্ৰেক্ষাগৃহ আছে। প্ৰায় ৫৫০ জন ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ছাত্ৰাৱাস আছে। ইয়াৰ উপৰিও অন্য়ান্য বিভিন্ন সুবিধা আছে য’ত আছে আন্ত:ৰাষ্ট্ৰীয় কেন্দ্ৰ, ২০০০ জনলৈকে ব্য়ক্তি থাকিব পৰা এম্ফিথিয়েটাৰ, ফেকাল্টী ক্লাব, ক্ৰীয়া কমপ্লেক্স আদি। আৰু লগতে কেম্পাছটো হৈছে ‘নেট জিৰ” গ্ৰীণ  কেম্পাছ। সৌৰ উদ্য়োগ, ঘৰুৱা আৰু খোৱাপানী পৰিশোধন প্লান্ট, বৰ্জ্য পানী পুনৰ ব্যৱহাৰৰ বাবে পুন:ব্যৱহাৰ প্লান্ট, ১০০ একৰ জলভাগ আৰু আন বহুতো পৰিৱেশ অনুকূল সুবিধাৰে এই বিশ্ববিদ্যালয়খন আত্মনিৰ্ভৰশীল। ইতিহাসৰ সৈতে  বিশ্ববিদ্যালয়খনৰ গভীৰ সম্পৰ্ক আছে। প্ৰায় ১৬০০ বছৰ পূৰ্বে প্ৰতিষ্ঠা হোৱা মূল নালন্দা বিশ্ববিদ্যালয়খন বিশ্বৰ প্ৰথম আৱাসিক বিশ্ববিদ্যালয়মূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। 

Leave a Reply

Your email address will not be published. Required fields are marked *