প্ৰতিবছৰৰ দৰে এইবছৰো উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ শীৰ্ষত অসমৰ নগাঁও জিলা। নগাঁওৰ ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উজ্বলালে শীৰ্ষ স্থান। কলা শাখাত শীৰ্ষ ১০ স্থানত ৰামানুজনৰ মুঠ ৮ জন ছাত্ৰ-ছাত্ৰী স্থান লাভ কৰিছে। কলা শাখাৰ পৰা প্ৰথম স্থান দখল সংকল্পজিৎ শইকীয়াৰ । প্ৰথম স্থান দখল কৰা সংকল্পজিৎ শইকীয়াৰ লগতে দ্বিতীয় স্থানত দিয়া মহন্ত, চতুৰ্থ স্থানত চুকলেংমুং চেতিয়া, পঞ্চম স্থানত শেখ ছানিয়া তাছনিম ৰহমান, সপ্তম স্থানত চবনম শইকীয়া, অষ্টম স্থানত জেৰিফা আহমেদ, দশম স্থানত মৃন্ময় কুমাৰ বৰা আৰু ৰক্তিম পাটৰে স্থান লাভ কৰে।
সমান্তৰালভাৱে, বিজ্ঞান শাখাত ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ১১ জন ছাত্ৰ-ছাত্ৰী শীৰ্ষ ১০ টা স্থান পাবলৈ সক্ষম হয়। বিজ্ঞান শাখাত ৰামানুজনৰ পৰা স্থান লাভ কৰা সকল ক্ৰমে প্ৰথম স্থানত নিখিলেশ দত্ত, দ্বিতীয় স্থানত অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায়, তৃতীয় স্থানত প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া, চতুৰ্থ স্থানত সত্যজিত কামান, ষষ্ঠ স্থানত ভাৰ্গভ শিবম, সপ্তম স্থানত বিকাশ জ্যোতি চহৰীয়া, অষ্টম স্থানত শতৰুপা বৰকাকতি, দশম স্থানত কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস ।