মহানগৰীত বন্ধ হব মটৰ সংযুক্ত ৰিক্সা

Share

অৱশেষত মহানগৰীত বন্ধ হব মটৰ সংযুক্ত ৰিক্সা।গুৱাহাটী পৌৰ নিগমে বাধা আৰুপ কৰিছে মটৰ সংযুক্ত ৰিক্সা চলাচলত।পৌৰ নিগমে মটৰ চালিত ৰিক্সাৰ চালক,মালিক সকলক মটৰ সংযোগ বিচ্চিন্ন কৰিবলৈ এসপ্তাৰ সময়সীমা দিছে ।এসপ্তাৰ ভিতৰত এনে নকৰিলে নিগমে বিহিত ব্যৱস্থা গ্ৰহন কৰিব বুলি জনায় ।

উল্লেখ্য যে গুৱাহাটী পৌৰ নিগমে এই সংক্ৰান্তত এক জাননী প্ৰকাশ কৰিছিল । এই জাননীত চালক তথা ৰিক্সাৰ গৰাকীক এসপ্তাৰ ভিতৰত মহানগৰীৰ সকলো মটৰ সংযোগী ৰিক্সা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ উল্লেখ কৰা হৈছে।

মন কৰাবলগীয়া যে,তীব্ৰবেগী মটৰ চালিত ৰিক্সা চলাচলৰ ফলত মহানগৰীত এটাৰ পাছত আনটো দুৰ্ঘটনা সংঘটিত হৈ আহিছে।এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ ৰিক্সাৰ পৰা অবৈধ মটৰ বিচ্ছন্ন কৰাৰ আহ্বান বিভিন্ন জনৰ। 

Leave a Reply

Your email address will not be published. Required fields are marked *