আজি ঘোষণা কৰা হ’ল ২০২৩ বৰ্ষৰ গুণোৎসৱৰ ফলাফল। জনতা ভৱনত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত ফলাফলসমূহ ঘোষণা কৰে।
ঘোষণা কৰা ফলাফল অনুসৰি শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে দ্বিতীয় স্থান লাভ কৰে চৰাইদেউ জিলাই আৰু তৃতীয় স্থান লাভ কৰিছে গোলাঘাট জিলাই।
উল্লেখযেোগ্য যে, ২০২২ ৰ গুণোৎসৱতো শিৱসাগৰ জিলাই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
গুণোৎসৱ ২০২৩ বৰ্ষত মুঠ ৪৪ হাজাৰ ৫৩১ খন বিদ্যালয় সামৰি লোৱা হয়।২০২২ বৰ্ষত গুণোৎসৱত সামৰি লোৱা হৈছিল ৪৫ হাজাৰ ৭৩৫ খন বিদ্যালয়। ইয়াৰ উপৰিও ২০২২ বৰ্ষত ‘A+’ গ্ৰেড পোৱা সংখ্যা আছিল ৪ হাজাৰ ৮৪১ খন।সেই অনুসৰে ২০২২ৰ তুলনাত ২০২৩ বৰ্ষত ‘A+’ গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১১ হাজাৰ ৮৮৬ খনলৈ বৃদ্ধি পাইছে।
অন্যহাতে ২০২২ ত ১৭ হাজাৰ ৪১ খন শিক্ষানুষ্ঠানে লাভ কৰিছিল ‘A’ গ্ৰেড । ইয়াৰ সমান্তৰালকৈ ২০২৩ বৰ্ষত ‘A’ গ্ৰেড পোৱা শিক্ষানুষ্ঠান ১৯ হাজাৰ ১৭২ খনলৈ বৃদ্ধি পায়।
আনহাতে ২০২২ বৰ্ষত ‘ A’ ,’B’, ‘C’, আৰু ‘D’ গ্ৰেড পোৱা ৮ হাজাৰ ৩৮০ খন বিদ্যালয় এই বৰ্ষত ‘A+’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হৈছে।