দীপাৱলীত দেশৰ বিভিন্ন ৰাজ্যত দুই শতাধিক দুৰ্ঘটনা

Share

নিউজ ডেস্ক, পোহৰৰ উৎসৱ দীপাৱলীক লৈ সমগ্ৰ দেশ মতলীয়া হৈ থকাৰ সময়তে বিভিন্ন স্থানত অনাকাংক্ষিত দুৰ্ঘটনাৰ বাবে দীপাৱলীৰ উৎসাহ ম্লান পৰিছে। ক’ৰবাত যদি ফটকা ফুটাবলৈ গৈ শিশুৰ প্ৰাণ গৈছে, ক’ৰবাত আকৌ বাছৰ ভিতৰত বন্তি জ্বলাবলৈ যোৱাৰ ফলত সমগ্ৰ বাছখনেই জ্বলি ভস্ম হৈছে । এনে অগ্নিকাণ্ডৰ ফলত মৃত্যু হৈছে দুজনকৈ লোকৰ।

অন্ধ্ৰপ্ৰদেশত ফটকা ফুটাবলৈ গৈ ১১ বছৰীয়া কিশোৰ এজনৰ মৃত্যু হোৱাৰ বিপৰীতে ৰাজ্যখনত আটজবাজীৰ জুইত এটা বাসগৃহ ধ্বংস হৈছে। দিল্লীত আটজবাজীৰ ফলত এটা বস্ত্ৰ কাৰখানা ধ্বংস হৈছে। হাৰিয়ানা, মহাৰাষ্ট্ৰ আদি ভিন্ন ৰাজ্যত দুই শতাধিক দুৰ্ঘটনা সংঘটিত হৈছে আটজবাজীৰ ফলত।

Leave a Reply

Your email address will not be published. Required fields are marked *