দেওবাৰৰ পৰা ৰাজ্যৰ সত্ৰসমূহত আৰম্ভ হ’ব ভাদ মাহৰ মাহ জোৰা পাল-নাম

Share

পবিত্ৰ ভাদ মাহলৈ মাথোঁ কেইটামান মূহুৰ্ত বাকী ৷ অহা ১৮ আগষ্ট তথা ১ ভাদৰ পৰা হৰিৰ ধব্বনিৰে মুখৰিত হ’ব ৰাজ্যৰ প্ৰতিখন সত্ৰ ৷ ইতিমধ্যে ৰাজ্যৰ সত্ৰসমূহত অব্যাহত আছে ভাদ মাহত অনুষ্ঠিত কৰা নাম-প্ৰসংগৰ প্ৰস্তুতি ৷ বিগত বছৰৰ দৰে এই বছৰো অতি উলহ-মালহেৰে পালন কৰিব মাহ জোৰা পাল-নাম ৷ ভাদ মাহত হৰিৰ নামেৰে মুখৰিত কৰিবলৈ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো চলিছে ব্যাপক প্ৰস্ততি ৷ দেওবাৰৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ সমগম ঘটিব এই নামঘৰত ৷ ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ সাঁজু হৈ উঠিছে আঠখেলীয়া নামঘৰৰ কমিটিসকল ৷ ভাদ মাহত আঠখেলীয়া নামঘৰলৈ অহা ভক্তিপ্ৰাণ ৰাইজক চোৱা-চিতাৰ বাবে ইতিমধ্যে ৭৫ জনীয়া এখন উদযাপন সমিতিৰ লগতে ১৭ খন শাখা সমিটি গঠন কৰা হৈছে ৷ তাৰোপৰি এই মাহ জোৰা নাম-প্ৰসংগৰ বাবে ইতিমধ্যে মূল দুৱাৰ পৰা খুব আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ ৷  

Leave a Reply

Your email address will not be published. Required fields are marked *