সোমবাৰে ভাৰত জোড়ো যাত্ৰাৰ সমদলত দেখা যাব কেৱল মহিলাসকলক

Share

ৰাহুল গান্ধী নেতৃত্বধীন ভাৰত জোড়ো যাত্ৰা শেহতীয়াকৈ সমগ্ৰ দেশতে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সমগ্ৰ দেশতে ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভ কৰা পদযাত্ৰাত সোমবাৰে দেখা গ’ল এক ব্যতিক্ৰমি দৃশ্য। উত্তৰ প্ৰদেশৰ পৰা বৃহস্পতিবাৰে সন্ধিয়া হাৰিয়ানাৰ পানীপথত পুনৰ প্ৰৱেশ কৰে। এই পদযাত্ৰাত সোমবাৰৰ দিনতো এক নতুন ৰূপত, নতুন উদ্যমেৰে চামিল হ’ব দলীয় কৰ্মকৰ্তাসকল। হাৰিয়ানাত প্ৰৱেশ কৰা এই পদযাত্ৰাত  দেখা যাব কেৱল মহিলাসকলক। দলটোৰ জেষ্ঠ নেতা ৰাহুল গান্ধী সহ আন শীৰ্ষ নেতা আৰু দলীয় কৰ্মচাৰীসকলৰ সৈতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে এই পদযাত্ৰাত  যোগ দিব। উল্লেখ্য যে,  ভাৰতীয় জাতীয় কংগ্ৰেছে পুৰ্বেও মহিলাসকলৰ সৈতে আয়োজন কৰিছিল এই পদযাত্ৰা। বিগত বৰ্ষৰ ৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা ৩০ জানুৱাৰীৰ ভিতৰত শ্ৰীনগৰত উপস্থিত হোৱাৰ পিছত শেষ হ’ব আৰু গান্ধীয়ে তাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব।

উল্লেখ্য যে, এই পদযাত্ৰাত এতিয়ালৈকে তামিলনাডু, কেৰালা, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ৰাজস্থান, দিল্লী আৰু উত্তৰ প্ৰদেশ কভাৰ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *