ৰাষ্ট্ৰীয় সংগীত ৰিয়েলিটী শ্ব’ চুপাৰষ্টাৰ চিংগাৰ ছিজন ২ ৰ খিতাপ অৰ্জন কৰিলে যোধপুৰৰ মহম্মদ ফৈজে

Share
ডিজিটেল ডেস্কঃ শনিবাৰে নিশা ৰাষ্ট্ৰীয় জনপ্ৰিয় সংগীত ৰিয়েলিটি শ্ব’ ‘চুপাৰষ্টাৰ চিংগাৰ ছিজন ২’ৰ গ্ৰেণ্ড ফিনালে সমাপ্ত হয়। প্ৰতিযোগিতাখনৰ অন্তিম পৰ্যায়ত শীৰ্ষ ছয়জন প্ৰতিযোগীৰ ভিতৰত ১৪ বছৰীয়া প্ৰতিযোগী মহম্মদ ফৈজ এই সংগীত প্ৰতিযোগিতাৰ দ্বিতীয় ছিজনৰ বিজয়ীৰূপে বিবেচিত হয়। উল্লেখ্য যে, যোধপুৰৰ সন্তান ফৈজে  বিজয়ী হোৱাৰ  পিছত ট্ৰফীৰ লগতে ১৫ লাখ টকাৰ নগদ ধন পুৰস্কাৰ হিচাপে লাভ কৰে। শীৰ্ষ ছয়জন প্ৰতিযোগীৰ ভিতৰত মহম্মদ ফৈজৰ লগতে আছিল ধৰমকোটৰ মণি, পশ্চিম বংগৰ প্ৰাঞ্জল বিশ্বাস, মোহালিৰ চৈয়শা গুপ্তা, আৰ্যানন্দ আৰ বাবু আৰু কেৰালাৰ ৰিতুৰাজ। মহম্মদ ফৈজ ইণ্ডিয়ান আইডলৰ প্ৰাক্তন ৰানাৰ-আপ অৰুণিতা কাঞ্জিলালৰ দলত আছিল।
ফৈজৰ উপৰি শীৰ্ষ ৬ৰ প্ৰতিযোগী মণিয়ে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় আৰু তেওঁ ৫ লাখ টকাৰ ধনৰাশি লাভ কৰে। প্ৰতিযোগিতা খনত বিজয়ী হোৱাৰ পিছত মহম্মদ ফৈজে কয় যে, গান গোৱাৰ লগতে তেওঁ পঢ়াশুনাতো ভাৰসাম্যতা ৰাখিব বিচাৰে। তেখেতে গান গোৱাত অধিক উন্নত হ’ব বিচাৰে। ইয়াৰ বাবে তেওঁ ৰিয়াজ কৰি থাকিব বিচাৰে আৰু দৰ্শকৰ সৈতে সংযুক্ত থাকিব বিচৰাৰ কথাও বিজয়ীগৰাকীয়ে কয়। লগতে, তেওঁ কয় যে এই ৰিয়েলিটী শ্ব’ত অংশগ্ৰহন কৰি তেওঁ বহুত সুখী আৰু তেওঁৰ পৰিয়াল অতি আৱেগিক হৈ পৰিছিল যেতিয়া তেওঁৰ নাম বিজয়ী হিচাপে ঘোষণা কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *