দুৰ্নীতি মুক্ত ভাৰত গঢ়াৰ সপোন দেখা বিজেপি চৰকাৰৰ প্ৰতিদিনেই পোহৰলৈ আহিছে নতুন নতুন দুৰ্নীতিৰ কথা।লালকিল্লাৰ পৰা স্বাধীনতা দিৱসত দিয়া ভাষণত বিৰোধীক দুৰ্নীতিগ্ৰস্ত আখ্যা দিছিল মোডীয়ে,যাৰ বাবে মোডীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ উঠিছে বিৰোধী।
লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ৭ মাহ থাকোতে বিজেপি চৰকাৰৰ কেলেংকাৰী ফাদিল হৈছে।ইয়াৰ মাজতে কেগৰ প্ৰতিবেদনত উন্মোচন হৈছে ভয়ংকৰ তথ্য।সদনত কেগে দাখিল কৰা প্ৰতিবেদনত পোহৰলৈ অহা গুৰুতৰ অনিয়মক লৈ মোডী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ তৰফৰ পৰা উত্থাপন কৰা হৈছে ৭টাকৈ গুৰুতৰ অভিযোগ।কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে কয় যে কেগে ৭টা কেলেংকাৰী পোহৰলৈ আনিছে।
আয়ুষ্মান ভাৰতৰ পৰা আৰম্ভ কৰি দ্বাৰকা একপ্ৰেছ ৱে’লৈকে হোৱা কেলেংকাৰীৰ বিষয়ে উত্তৰ বিচাৰি বিজেপিৰ ওপৰত বিৰোধীৰ আক্ৰমণাত্মক প্ৰশ্ন।
(১)ভাৰতমালা আঁচনিৰ অধীনত নিৰ্মিত পথত ১ কিঃমিঃ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত আছিল ১৫.৩৬ কোটি টকা কিন্তু পথটো নিৰ্মাণ কৰা হ’ল ৩২ কোটি ১৭ লাখ টকাত।
(২)আয়ুষ্মান ভাৰত স্বাস্থ্য অধীনত ৭৫ হাজাৰ লোকৰ নাম পঞ্জীয়ন হৈছে,কিন্তু ৮৮ হেজাৰ মৃতকৰ নামতহে ধন দিছে চৰকাৰে।
(৩)দ্বাৰকা এক্সপ্ৰেছ ৱে’ত ব্যয় প্ৰতি কিলো মিটাৰত দিছিল ১৮ কোটি টকাৰ পৰা ২৫০ কোটি টকালৈ বৃদ্ধি পালে
(৪) গ্ৰাম্য বিকাশ বিকাশৰ অধীনত বৃদ্ধ পেন্সনৰ ধন চৰকাৰীঅ প্ৰচাৰ কাৰ্ষত ব্যয় হৈছে।
(৫)টোল প্লাজাতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মাত্ৰ ৫খন টোল প্লাজাতে সংগ্ৰহ কৰিছে ১৩২ কোটি টকা
(৬)অযোধ্যা বিকাশ আঁচনিৰ অধীনত বিশেষ ঠিকাদাৰক পাব নলগীয়া ধন মোকলাই দিয়া হৈছে।
(৭)হিন্দুস্তান এৰনটিক্ছ লিমিটেডত ব্যাপক অনিয়ম চলিছে।কেগৰ প্ৰতিবেদনত ‘হাল’ত নক্সাৰ ভুলৰ বাবে ১৫৪ কোটি টকা পানীত পৰিছে আৰু লগতে সুৰক্ষা ব্যৱস্থাত গুৰুত্ব নিদিয়া আদি বহুতো তথ্য ফাদিল হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে।
কেগে ফাদিল কৰা এই উক্ত সাতটা কেলেংকাৰী উত্তৰ প্ৰধানমন্ত্ৰীৰ পৰা দাবী কৰিছে কংগ্ৰেছে।মোডীৰ বিৰুদ্ধে দিয়া এই কেলেংকাৰী অভিযোগৰ কি উত্তৰ দিব বিজেপি চৰকাৰে।