দেশৰ প্ৰথম সম্পূৰ্ণ স্বাক্ষৰীত ৰাজ্য হিচাপে পৰিগণিত মিজোৰাম

Share

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে আন এক বৃহৎ সাফল্য। সমগ্ৰ দেশজুৰি উজলি উঠিল চুবুৰীয়া ৰাজ্য মিজোৰাম। দেশৰ প্ৰথমখন সম্পূৰ্ণ সাক্ষৰ ৰাজ্য হিচাপে পৰিগণিত মিজোৰাম। মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুমোহাৰ উপস্থিতিত শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা দক্ষতা বিকাশ আৰু উদ্যোগীকৰণৰ ৰাজ্যিক মন্ত্ৰী (স্বাধীন চাৰ্জ) জয়ন্ত চৌধুৰীয়ে আইজলত এই কথা ঘোষণা কৰাৰ লগতে এই সাফল্যৰ বাবে তেওঁক প্ৰমাণ পত্ৰও প্ৰদান কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখেও ২০২৪ চনত সম্পূৰ্ণ স্বাক্ষৰতা লক্ষ্যত উপনীত হৈছিল।

শিক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২০১১ চনৰ লোকপিয়লত দেশৰ স্বাক্ষৰতাৰ হাৰ আছিল ৭৯.০৪ শতাংশ। ২০১১ চনৰ লোকপিয়লত মিজোৰাম স্বাক্ষৰতাৰ হাৰ আছিল ৯১.৩৩ শতাংশ, যিটো সমগ্ৰ দেশৰ ভিতৰত তৃতীয় স্থানত আছিল। ২০২৩ চনত ULLAS আঁচনিৰ অধিনত সমগ্ৰ ৰাজ্যত চলোৱা এক সমীক্ষাত ৩,০২৬ জন নিৰক্ষৰ লোক চিনাক্ত কৰা হৈছিল। ইয়াৰে ১,৬৯২ জনেই দৈনিক পঢ়া-শুনা কৰিছিল। যাৰ পাছত ৰাজ্যখনৰ স্বাক্ষৰতাৰ হাৰ ৯৮.২০ হৈ গৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *