চিকিৎসকৰ মুখত প্ৰচণ্ড ঘোচা সোধালে মিজোৰামৰ মুখ্যমন্ত্ৰীৰ কন্যাই, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে 

Share
ডিজিটেল ডেস্কঃ চিকিৎসকৰ ওপৰত জপিয়াই পৰিল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কন্যা ।এপইণ্টমেণ্ট নোলোৱাকৈ চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই মুখ্যমন্ত্ৰীৰ কন্যাই চিকিৎসকৰ মুখত সোধালে প্ৰচণ্ড ঘোচা।উল্লেখযোগ্য যে, আইজলত এগৰাকী চিকিৎসকে মুখ্যমন্ত্ৰীৰ কন্যা মিলাৰী চংতেক স্বাস্থ্য পৰীক্ষা কৰাৰ পূৰ্বে ক্লিনিকৰ পৰা এপইণ্টমেণ্ট ল’বলৈ কৈছিল। তাৰ পিছতে খঙত অগ্নিশৰ্মা হৈ পৰা মুখ্যমন্ত্ৰীৰ কন্যা মিলাৰী চংতে চিকিৎসকৰ কোঠালৈ সোমাই আহি চিকিৎসকৰ মুখত সোধালে প্ৰচণ্ড ঘোচা।
তাৰ পাছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে মিজোৰামৰ মুখ্যমন্ত্ৰী কন্যা মিলাৰী চংতেৰ  ভিডিঅ’টো। ঘটনাটো ১৭ আগষ্টত সংঘটিত হৈছিল। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে ছচিয়েল মিডিয়াত মুখ্যমন্ত্ৰীগৰাকী তীব্ৰ ককৰ্থনাৰ সন্মুখীন হয়। ইয়াৰ পিছতে মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *