প্ৰাঞ্জল প্ৰতিম ডেকাৰ বিশেষ প্ৰতিবেদন
২৯জুলাই,লাইলাপুৰ:অসম-মিজোৰামৰ সীমা বিবাদত অসম আৰক্ষীৰ ৬গৰাকী বিষয়াক মিজো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছত অসম-মিজোৰাম সীমান্তত উত্তেজনাই বিৰাজ কৰাৰ সময়তেই কালি হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মিজো ছাত্ৰ সন্থাৰ এখন ভাবুকিপূৰ্ণ পত্ৰই বিস্ফোৰণ ঘটাইছে ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক “Dear হিমন্তজী” বুলি তাচ্ছিল্যসূচকভাৱে সম্বোধন কৰা পত্ৰখনত হিমন্ত বিশ্ব শৰ্মাই নিজৰ গোপন ৰাজনৈতিক অভিসন্ধি পূৰণৰ বাবে হিংসা আৰু অশান্তি সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে মিজো ছাত্ৰ সন্থাই । তদুপৰি,মিজো ছাত্ৰ সন্থাৰ মতে- মিজোৰামৰ ৫০৯ বৰ্গমাইলৰ সংৰক্ষিত বনাঞ্চলত আগ্ৰাসন চলোৱা বাংলাদেশীক তূষ্টিকৰণত নামি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ।
তদুপৰি,হিমন্ত বিশ্বৰ বিৰুদ্ধে সাতভনীৰ অৱধাৰণা ধ্বংস কৰাৰ অভিযোগো তুলিছে পত্ৰখনত । লগতে পত্ৰখনৰ জৰিয়তে মিজোৰামৰ উগ্ৰপন্থাৰ অতীত সোঁৱৰাই দিছে মিজো ছাত্ৰ সন্থাই ।
কেৱল এয়েই নহয়,নিজৰ স্থিতিত অটল থকাৰ লগতে মিজোসকলে সদায় সহ্য কৰি নাযাব বুলিও ভাবুকি প্ৰদান কৰে পত্ৰখনৰ জৰিয়তে ।
উল্লেখ্য যে, শেহতীয়াকৈ সীমা বিবাদ সম্পৰ্কে আলোচনাৰ বাবে অসম আৰু মিজোৰামৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীক দিল্লীলৈ তলব কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।লক্ষণীয়ভাৱে ক’ভিদ পৰিস্থিতিৰ অজুহাতত দিল্লীলৈ আলোচনাৰ বাবে নোযোৱাৰ কথা টুইটযোগে ব্যক্ত কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই ।