অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনস্থ ধেমাজি বিধানসভা সমষ্টিত সোমবাৰে অংগনবাড়ী কৰ্মীসকলৰ মাজত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে ৩৭৬টা স্মাৰ্টফোন বিতৰন কৰে।অনুষ্ঠিত সভাত মন্ত্ৰী ডা০ৰণোজ পেগুৱে বক্তব্যত মহিলা আৰু শিশু উন্নয়নৰ বিভাগৰ অংগনবাড়ী কৰ্মীসকলক মোবাইল ফোনসমূহ সৎ ব্যৱহাৰ কৰি নিজৰ দায়িত্ব সুকলমে পালন কৰিবলৈ আহ্বান জনায়।
ইয়াৰ পিছতেই সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে কয় যে-অংগনৱাড়ী কেন্দ্ৰসমূহৰ সেৱাৰ মানোন্নয়নৰ লক্ষ্যৰে আজি লখিমপুৰ আৰু ধেমাজিৰ পিছত শিৱসাগৰ জিলাতো সন্মানীয় বিধায়ক শ্ৰী প্ৰদীপ হাজৰিকাৰ সৈতে ৯০গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মাৰ্টফোন বিতৰণ কৰোঁ।জিলা প্ৰশাসনৰ কাৰ্যালয়ত মহিলা আৰু শিশু কল্যাণ বিভাগে আয়োজন কৰা এই অনুষ্ঠানত সমৱেত অংগনৱাড়ী কৰ্মীসকলক শিশুৰ যত্ন আৰু পৰিপুষ্টি তথা বিকাশৰ প্ৰতি গুৰুত্ব আৰোপেৰে জিলাখনৰ কেন্দ্ৰসমূহৰ সু-পৰিচালনাত নিষ্ঠাপূৰ্ণ সেৱা আগবঢ়াবলৈ আহ্বান জনাওঁ।