শিৱসাগৰ জিলাত অসম চৰকাৰৰ আহোম জনগোষ্ঠীৰ বিশেষ উন্নয়ন পুঁজি সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হয় মহীয়সী জয়মতী স্মৃতি দিৱস।শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত মাদুৰি জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় জয়মতী স্মৃতি দিৱস।মাদুৰি জয়মতী স্মৃতি দিৱস স্থায়ী সমিতিৰ লগতে বৃহত্তৰ মাদুৰি,মেছাগড়,মঠিয়াছিগাবাসী ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহযোগত অনুষ্ঠিত হোৱা ৩৪৪ সংখ্যক মহীয়সী জয়মতী স্মৃতি দিৱস উদযাপন কৰা হয়।এই অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী পিয়ুষ হাজৰিকা।সভাখনত উপস্থিত হৈ মন্ত্ৰী হাজৰিকাই জয়মতী স্মৃতি ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই কয়-“আমাৰ ইতিহাসৰ এগৰাকী চিৰনমস্য মহীয়সী জয়মতী কুঁৱৰীৰ উদম্য সাহস আৰু স্বদেশ স্বজাতিৰ বাবে কৰা আত্মত্যাগ আমাৰ সকলোৰে বাবে এতিয়াও আদৰ্শ আৰু প্ৰেৰণাৰ উৎস।আহোম ৰাজত্বৰ ৰাজনৈতিক অস্থিৰতাৰ সময়চোৱাত জয়মতী কুঁৱৰীৰ মহান আত্মত্যাগৰ অবিহনে পৰৱৰ্তী সময়ৰ আহোম ৰাজত্বৰ ইতিহাসে হয়তো অন্য ৰুপ পালেহেঁতেন।”
অনুষ্ঠানত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ লগতে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন মন্ত্ৰী যোগেন মোহন,বিধায়ক সুশান্ত বৰগোঁহাই আদি উপস্থিত আছিল।