মন্ত্ৰী পীযুষ হাজৰিকাই মৰিগাঁও জিলাৰ অংগনবাড়ী কৰ্মীসকললৈ আনুষ্ঠানিকভাৱে স্মাৰ্টফোন প্ৰদান কৰে

Share

অসম চৰকাৰৰ জলসম্পদ,তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই দেওবাৰে মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়ৰ সৈতে জিলাখনৰ পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মৰিগাঁও জিলাৰ অংগনবাড়ী কৰ্মীসকললৈ আনুষ্ঠানিকভাৱে স্মাৰ্টফোন প্ৰদান কৰে।জিলা মহিলা আৰু শিশু কল্যাণ বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত জিলাখনৰ মুঠ ২১৩৭টা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকালৈ পোষণ অভিযানৰ অধীনত স্মাৰ্টফোন বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই কয়,যে-অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকল আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ,কিয়নো তেওঁলোকে সমাজৰ শিশুসকলক জন্মৰ আগৰেপৰাই পুষ্টিৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে গুৰুত্ব প্ৰদান কৰি ভৱিষ্যতৰ সুনাগৰিক হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।শিশুৰ পুষ্টি তথা শিক্ষাৰ সমানে সমানে অংগনবাড়ী কৰ্মীসকলে গৰ্ভৱতী মহিলা তথা দুগ্ধদান কৰি থকা মাতৃসকলৰ পৰিপুষ্টি আৰু সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।বিশেষকৈ সমাজৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ পুষ্টিৰ বাবে অংগনবাড়ী কৰ্মীসকলেই মূলত:দায়িত্বশীল বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।মন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে কাম কৰি আহিছে।মুখ্যমন্ত্ৰীগৰাকীৰ সদিচ্ছাৰ বাবে প্ৰথমবাৰৰ বাবে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে অৱসৰকালীন ভাট্টা হিচাপে ক্ৰমে চাৰি আৰু দুই লাখ টকাকৈ লাভ কৰিছ।তেওঁলোকৰ আন সমস্যাসমূহ সমাধানৰ বাবেও চৰকাৰে পৰ্যায়ক্ৰমে কাম কৰি আছে বুলি তেওঁ মন্তব্য আগবঢ়ায়।আনহাতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে ৰাজ্যখনত অংগনবাড়ী কেন্দ্ৰসমূহ আটকধুনীয়াকৈ নিৰ্মাণৰ ব্যৱস্থা লোৱা বুলিও মন্ত্ৰী হাজৰিকাই মন্তব্য প্ৰকাশ কৰে।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমক উন্নত ৰাজ্যলৈ ৰূপান্তৰ কৰিবৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে। বিগত চাৰিটা বছৰত সম্পূৰ্ণ নিকা পদ্ধতিৰে অভিলেখসংখ্যক ডেৰ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰাটো মুখ্যমন্ত্ৰীৰ অন্যতম কৃতিত্ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই লগতে অৰুণোদয়কে ধৰি চৰকাৰৰ জনকল্যাণমূলক কামসমূহৰ বিষয়েও উল্লেখ কৰে।জলসম্পদ বিভাগৰ মন্ত্ৰীগৰাকীয়ে মৰিগাঁও জিলাখনত বান নিয়ন্ত্ৰণৰ বাবে কাম কৰি সফলতা লাভ কৰা বুলিও উল্লেখ কৰে।অনুষ্ঠানত উপস্থিত থকা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়েও বক্তব্য ৰাখি ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ জনকল্যাণমূলক আঁচনিসমূহৰ আভাস দিয়ে।অনুষ্ঠানত দুয়োগৰাকী মন্ত্ৰীয়ে অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলক আৰু অধিক দায়বদ্ধতাৰে ৰাজ্যৰ শিশু,গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে অংগনৱাড়ী কেন্দ্ৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে অংগনৱাড়ী কৰ্মীসকলক স্মাৰ্টফোন প্ৰদান কৰি থকা হৈছে।এই স্মাৰ্টফোনৰ সহায়ত কৰ্মীসকলে শিশুৰ শিক্ষা, পুষ্টি আদি সন্দৰ্ভত তথ্য সংগ্ৰহৰ উপৰি অন্যান্য আনুষংগিক কামসমূহ সহজভাৱে সম্পাদন কৰিব পাৰিব।চাৰি শতাধিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা উপস্থিত থকা অনুষ্ঠানত মন্ত্ৰী দুগৰাকীৰ লগতে বিধায়ক ৰমাকান্ত দেউৰী, জিলা আয়ুক্ত দেৱাশিস শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *