২০ খন অত্যাধুনিক জাহাজ অসমলৈ অনা হ’ব বুলি ঘোষণা কৰে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে

Share

মাধুৰীমা ৰায়,২২ ছেপ্টেম্বৰ: অসমৰ পৰিৱহন মন্ত্রী চন্দ্রমোহন পাটোৱাৰী আজি কলাক্ষেত্ৰত অনুষ্ঠিত বানিজ্য মেলাত ৰাজ্যবাসীক এটা ভাল খৱৰ দিয়ে। তেঁও মঙলবাৰে ঘোষণা কৰে যে শীঘ্ৰে অসমলৈ ২০ খন অত্যাধুনিক জাহাজ আহিব। তেঁও ৰাইজক সম্বোধন কৰি আজি পুনৰ এই কথা ঘোষণা কৰে। স্বাধীনতাৰ ৭৫ বছৰ বৰ্ষ পূৰ্তি উপলক্ষে মঙলবাৰে গুৱাহাটীৰ কলাক্ষেত্ৰত বানিজ্য মেলাৰ আয়োজন কৰা হৈছিল। উত্তৰ-পূবৰ বিভিন্ন উদ্যোগীয়ে অংশগ্রহণ কৰিছে এই বানিজ্য মেলাত।

থলুৱা পোছাক বিশ্ব বজাৰলৈ লৈ যোৱাই আছিল এই বানিজ্য মেলাৰ লক্ষ্য। ইতিমধ্যে তিনিখন জাহাজ মাজুলীলৈ প্রেৰণ কৰা হৈছে বুলি মন্ত্রী পাটোৱাৰীয়ে জনাইছে লগতে মন্ত্রীগৰাকীয়ে আন এক ডাঙৰ ঘোষণা কৰি কয় যে অসমত নৌসেনাৰ প্রশিক্ষণ কেন্দ্র স্থাপন কৰা হ’ব। তাৰোপৰি তেঁও কয় পেছাদাৰীভাৱে প্রশিক্ষত নাবিকক অসমলৈ অনা হ’ব আৰু তেওঁলোকে অসমৰ নাবিকক প্রশিক্ষণ প্রদান কৰিব।

উল্লেখযোগ্য যে নিমাটিঘাটত কিছু দিনৰ পূৰ্বে সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ পিছতে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। কলাক্ষেত্ৰত অনুষ্ঠিত এই বানিজ্য মেলাত উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু লোকসভাৰ সাংসদ কুইন ওজা।

Leave a Reply

Your email address will not be published. Required fields are marked *