শাসনাধিস্থ দলৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে ক্ষুব্ধ মন্ত্ৰী অতুল বৰা

Share

দুৰ্নীতিক লৈ দুই মেৰুত দুই শাসনাধিস্থ দলৰ মন্ত্ৰী-বিধায়ক । শূণ্য সহনশীলতাৰ কথা কোৱা শাসনাধিস্থ বি জে পি দলৰ খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ । প্ৰাপ্ত খবৰ অনুসৰি বিধায়ক মৃণাল শইকীয়াই নিজ সমষ্টিৰ কৃষি বিষয়া নীলমণি সেন ডেকাৰ বিৰুদ্ধে উত্থাপন হোৱা ঘোচ লোৱা অভিযোগ লাভ কৰাৰ পিছতেই সাংবাদিকসহ ডেকাৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়াজনক কেমেৰাৰ সন্মুখত ঘোচ প্ৰদান কৰি লজ্জালত কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়। কিন্তু এই বিষয়াটোকে অন্য ৰূপ দিবলৈ চেষ্টা কৰি অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই বিধায়ক জনৰ বিৰুদ্ধে সামাজিক মাধ্যমত দিয়া মন্তব্যলৈ ক্ষুব্ধ হৈ পৰিছে  বিধায়কজন ।

অতুল বৰাৰ মন্তব্যৰ বিৰোধীতা কৰি বিধায়ক মৃণাল শইকীয়াই টুইটযোগে প্ৰকাশ কৰে যে এখন ৰাজ্যৰ কৃষি মন্ত্ৰী হৈ মন্ত্ৰীজনে এজন দুখীয়া খেতিয়কতকৈ দুৰ্নীতিগ্ৰস্ত বিষয়াক বেছি গুৰুত্ব দিয়ে । ইয়াৰ উপৰিও তেওঁ দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ বিৰুদ্ধে অধিক প্ৰমাণ ৰাইজৰ আ গলৈ উলিয়াই দিব বুলি জানিব দিছে । 

মন্ত্ৰী অতুল  বৰাৰ মতে নীলমণি সেন ডেকা কৃষি বিভাগৰ কোনো কৰ্মচাৰী নহয় । আনহাতে বি জে পি ৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ছত্ৰছায়াতেই কাজিৰঙাত গঢ় লৈ উঠিছে চোৰাং কাঠৰ এক বৃহত্ চিণ্ডিকেট ৰাজ । 

Leave a Reply

Your email address will not be published. Required fields are marked *