সুপ্রিয়া তৰফদাৰ
আইচিচি টি-২০ বিশ্ব কাপৰ সময়সূচী মঙলবাৰে ঘোষণা কৰা হয়। ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ কোৰোনা পৰিস্থিতিৰ বাবে এতিয়া ওমান আৰু ইউএইত অনুষ্ঠিত কৰা হ’ব বুলি জানিব পৰা গৈছে। এই বিশ্বকাপৰ ফাইনেল মেচখন খেলা হ’ব ১৪ নবেম্বৰত। এই টি-২০ টুৰ্নামেন্ট আৰম্ভ হ’ব ১৭ অক্টোবৰৰ পৰা।উল্লেখ্য যে, টি-২০ বিশ্বকাপত ভাৰতে প্ৰথমখন মেচ খেলিব ২৪ অক্টোবৰত।
প্ৰথমখন মেচতেই ভাৰতীয় ক্ৰিকেট দল পাকিস্তানৰ বিৰুদ্ধে নামিব খেলপথাৰত। জানিব পৰা মতে, ভাৰতৰ আটাইকেইখন মেচ ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব।