সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে সাংসদ গৌৰৱ গগৈক নিযুক্তি।সোমবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে এ আই চি চিয়ে।নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ভূপেন বৰাৰ ঠাইত গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ কথা এক বিবৃতিযোগে সদৰী কৰিলে।সন্মুখত ২০২৬ৰ অসম বিধানসভাৰ নিৰ্বাচন।তাৰ আগে আগে অসম কংগ্ৰেছক লৈ এ আই চি চিৰ এয়া এক বৃহৎ ৰাজনৈতিক সিদ্ধান্ত বুলি গণ্য কৰা হৈছে।উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনত যোৰহাটত গৌৰৱ গগৈৰ অভূতপূৰ্ব জয়ৰ পিছত চৰ্চালৈ আহিছিল যে সলনি হ’ব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰিৱৰ্তে দায়িত্ব দিয়া হ’ব গৌৰৱ গগৈক।অৱশেষত উক্ত চৰ্চাক সঁচা প্ৰতিপন্ন কৰি গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি এ আই চি চিৰ।
আনহাতে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভৰ পিছতেই সোমবাৰে বিহাৰৰ পাটনাত উপস্থিত হোৱা গৌৰৱ গগৈয়ে সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া-এই দায়িত্বৰ বাবে মোক আস্থাত লোৱাৰ বাবে কংগ্ৰেছৰ সভাপতি শ্ৰীযুত খাৰ্গে ডাঙৰীয়া,বিৰোধী দলপতি ৰাহুল গান্ধী,কে চি বেণুগোপালৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।পূৰ্বৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই সন্মুখৰ পৰা অভূতপূৰ্বভাৱে নেতৃত্ব দি অৱদান আগবঢ়াই গ’ল।অসমত কংগ্ৰেছ দলৰ ইমানবোৰ নিষ্ঠাৱান আৰু প্ৰেৰণাদায়ক জ্যেষ্ঠ নেতা-কৰ্মীৰ সৈতে কাম কৰাটো এক আৰ্শীৰবাদ।তেওঁলোকৰ জ্ঞান,অভিজ্ঞতা আৰু পাৰ্টীৰ প্ৰতি থকা সমৰ্পণেমোক বহু কথা শিকাইছে।লগতে তেওঁ কয়-মোৰ জ্যেষ্ঠ আৰু সহকৰ্মীসকলৰ সৈতে কাম কৰিবলৈ আগ্ৰহী।
উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ অন্যান্য বিষববীয়াৰ ক্ষেত্ৰতো কেইটামান পৰিৱৰ্তন কৰা হৈছে।বিদায়ী সভাপতি ভূপেন বৰাকো প্ৰদান কৰা হৈছে গুৰু দায়িত্ব।ভূপেন বৰাক দিয়া হৈছে নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দায়িত্ব।লগতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাকো নিৰ্বাচন পৰিচালনা সমিতিৰ অধ্যক্ষৰ দায়িত্ব প্ৰদান কৰিছে এ আই চি চিয়ে।গৌৰৱ গগৈৰ লগতে তিনিগৰাকীকৈ কাৰ্যকৰী সভাপতি নিযুক্তি দিছে এ আই চি চিয়ে।তেওঁলোক হৈছে-সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ,চাহ জনগোষ্ঠীৰ নেত্ৰী ৰ’জলিনা তিৰ্কী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰ।ইয়াৰ উপৰিও সমন্বয়ৰক্ষী সমিতিৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক।আনহাতে জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈক ইস্তাহাৰ সমিতিৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে লগতে প্ৰচাৰ সমিতিৰ অধ্যক্ষ দায়িত্ব প্ৰদান কৰা হৈছে সাংসদ ৰকিবুল হুছেইনক।