মেঘালয়ত ভূমিস্খলনৰ ভয়াবহ ৰূপ : ২ জন লোক নিহত

Share

মেঘালয় ৰাজ্যৰ কেইবাটাও স্থানত সংঘটিত হৈছে ভূমিস্খলন যাৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হৈছে। ভূমিস্খলনৰ বাবে মেঘালয়ৰ মুঠ ৭ টাকৈ স্থানত বৃহৎ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। বহুকেইজন লোকৰ বাসগৃহ, দোকান, বাহনৰ লগতে বহুতো ৰাজহুৱা সম্পত্তি আদিৰ বিস্তৰ ক্ষতি হৈছে। ৰাজ্যখনৰ পূব খাচী পাহাৰ জিলাৰ মাওকিনৰেৱ খণ্ডৰ অন্তৰ্গত মাওলাট গাঁৱত সংঘটিত ভূমিস্খলনৰ ফলত ২ জন লোকে প্ৰাণ হেৰুৱাইছে। মৃত ব্যক্তি দুজনৰ নাম ৰোহিত চিয়াৰ আৰু দিলবন টাংচাং। মেঘালয়ত এতিয়া বহুতো স্থানত শোকাৱহ পৰিবেশ সৃষ্টি হৈছে। এতিয়া পৰবৰ্তী সময়ত মেঘালয় চৰকাৰে দুৰ্ঘটনা ৰোধৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়ত হব লক্ষ্যণীয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *