সুপ্রিয়া তৰফদাৰ
শ্বিলং, ১৮ আগষ্ট :মেঘালয়ৰ ৰাজধানী শ্বিলঙত মঙ্গলবাৰে কাৰ্ফিউৰ সময়তে বহু কেইটা হিংসাত্মক ঘটনা সংগঠিত হয়। তাৰমাজতে ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকক অসমত থৈ যোৱাৰ পাছতে তেওঁৰ কনভয়ত অচিনাক্ত দুৰ্বৃত্তই শিলেৰে আক্ৰমণ কৰাৰ ঘটনাও সংগঠিত হয়।ৰাজভৱনৰ এগৰাকী বিষয়াই এই বিষয়ে সদৰী কৰিছে। মন কৰিবলগীয়া যে ৰাজ্যপাল সত্যপাল মালিক সুৰক্ষিতভাৱেই শ্বিলঙৰ পৰা আহি অসমত উপস্থিত হয় আৰু পোনে পানে দিল্লীলৈ গুচি যায়।উল্লেখ্য যে মেঘালয়ত বিগত ১৩ আগষ্টত আৰক্ষীৰে হোৱা এক সংঘৰ্ষত প্ৰাক্তন উগ্ৰপন্থী নেতাৰ মৃত্যু হৈছিল।
ইয়াৰ পাছতে ১৫ আগষ্টত শ্বিলঙৰ মাওলাই আৰু জয়া অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছে। যাৰ বাবে ৰাজ্যখনত কৰ্ফিউ জাৰি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰক্ষীৰে সংঘৰ্ষত নিহত হোৱা প্ৰাক্তন উগ্ৰপন্থী নেতা থাংকিভে ২০১৮ চনত আত্মসমৰ্পণ কৰিছি আৰু ১০ আগষ্টত শ্বিলঙত সংঘটিত হোৱা আই ই ডি বিস্ফোৰণৰ লগত জড়িত আছিল বুলি জানিব পৰা গৈছে।