টাই-আহোম জনগোষ্ঠীয় লোকসকলে তেঁওলোকৰ পূৰ্বপুৰুষ সকলক স্মৰণ তথা পূজা কৰাৰ বাবে পৰাম্পৰাগত ভাৱে মে -ডাম-মে-ফী পালন কৰি আহিছে। এই উৎসৱ আহোম সকলে এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পৰম্পৰাগত ভাৱে পালন কৰি আহিছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তে-প্ৰান্তে জনগোষ্ঠীয় লোক সকলে এই অনুষ্ঠান অনুষ্ঠিত কৰিব।উজনি অসমৰ বিভিন্ন ঠাইতো আজি প্ৰস্তুতি চলিছে মে-ডাম-মে-ফীৰ ।
ডিব্ৰুগড়ৰ টিপামত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত আজি অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এই উৎসৱত আহোম সকলে পূৰ্বপূৰুষক স্মৰণ কৰাৰ লগতে বিশ্ব শান্তিৰ কামনা কৰাৰ লগতে উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগাসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা আশীৰ্বাদ বিচৰা হয়।