পাকিস্তানৰ ৰেলত সংঘটিত হয় এটা বিস্ফোৰণ।বৃহস্পতিবাৰে কুৱেটা অভিমুখী জাফৰ এক্সপ্ৰেছত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়।কুৱেটালৈ যোৱা জাফৰ এক্সপ্ৰেছ চিচাভাটনি ৰেলৱে ষ্টেচনৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়।পেছাৱৰৰ পৰা আহি আছিল জাফৰ এক্সপ্ৰেছখন।কুৱেটলৈ যোৱা জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি এমাহৰ ভিতৰত বিস্ফোৰণ ঘটা দ্বিতীয়টো কাণ্ড।ইয়াৰ পূৰ্বে ৩০ জানুৱাৰীত বেলুচিস্তানৰ কাছি জিলাৰ মাচ অঞ্চলৰ সমীপত জাফৰ এক্সপ্ৰেছত বিস্ফোৰণ সংঘটিত হৈছিল।
ARY নিউজ তথ্য অনুসৰি জাফৰ এক্সপ্ৰেছৰ ইকনমি ক্লাছৰ ৬ নম্বৰ দবাত সংঘটিত হয় এই বিস্ফোৰণ।যাৰ ফলত দুজন লোকৰ মৃত্যু হয় আৰু কমেও চাৰিজন লোক আহত হয়।আহত সকলক ওচৰৰে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। সূত্ৰ অনুসৰি বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়ালৈক জানিব পৰা হোৱা নাই। এই বিস্ফোৰণ কেনেকৈ সংঘটিত হ’ল আৰু কোনে সংঘটিত কৰিলে সেইয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই বুলি ARY নিউজে উল্লেখ কৰে।