২ মাহত ২৩ লাখ টকাৰ ৰাজহ সংগ্ৰহ মানস ৰাষ্ট্ৰীয় উদ্যানত

Share

দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে মানস ৰাষ্ট্ৰীয় উদ্যানত ।উদ্যানখনত পৰ্যটকৰ বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ কৃতপক্ষই মুঠ ৫০ লাখ টকা সংগ্ৰহ কৰে ।মানস ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ সংখ্যা বৃদ্ধি পোৱাত বাঘ, গঁড়, হাতী, ম’হকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই আৰু বণ্যপ্ৰাণীৰ মুক্ত চলাচলৰ এক মনোমোহা দৃশ্য উপভোগ কৰিবলৈ সক্ষম হৈছে পৰ্যটককাৰীসকলে ।তদুপৰি ৰাষ্ট্ৰীয় উদ্যানখনত পৰ্যটকৰ বাবে ভূঞাপাৰা ৰেঞ্জ, বাংছবাৰী ৰেঞ্জ আৰু পানবাৰী ৰেঞ্জ মুকলি হোৱাৰ পিছতে মানস ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই তিনিওটা ৰেঞ্জতে পৰ্যটকৰ হাৰ বৃদ্ধি পোৱা দেখা গৈছে ।জানিবপৰা মতে ১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ প্ৰায় ৯ হাজাৰ পৰ্যটক আহিছিল ইয়াৰে ৩৫৩জন বিদেশী পৰ্যটক ।ইফালে মানস ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই আশা কৰিছে যে ডিচেম্বৰ মাহৰ শেষ ভাগত আৰু ২০২৪ ৰ জানুৱাৰী মাহত যথেষ্ট বৃদ্ধি পাব ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰ্যটকৰ সংখ্যা ।

Leave a Reply

Your email address will not be published. Required fields are marked *