মাজুলী বিশ্ববিদ্যালয়লৈ খহনীয়াই আনিছে শংকা

Share

বৈষ্ণৱ সকলৰ পৱিত্ৰ তীৰ্থস্থান, বিশ্বপ্ৰসিদ্ধ নদীদ্বীপ সত্ৰনগৰী মাজুলীত এতিয়া খহনীয়াৰ কালৰূপ। ইতিমধ্যে ১০২ বিঘা মাটি চৰকাৰৰ পৰা আবন্তিত হৈছে যদিও লুহিত নদীৰ উত্তৰ ফালৰ ২০০ বিঘা ভূমিৰো আবন্তন বিচাৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই আৱেদন জনায় । কিন্তু অতি পৰিতাপৰ বিষয় যে প্ৰস্তাৱিত দক্ষিণ দিশৰ ১০০ বিঘা ভূমি বৰলুইতৰ বুকুত বিলীন হৈছে । বিঘাই বিঘাই আৱন্তিত ভূমি জাঁহ গৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থাগ্ৰহণ কৰা নাই জলসম্পদ বিভাগে । উক্ত স্থানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি অতি শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ডম্বৰুধৰ নাথে ।
চলিত বৰ্ষৰ ২ মাৰ্চত ৰাজ্যৰ সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ বনগাঁৱত মাজুলী সংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক কাৰ্যক্ৰমণিকাৰ শুভ উদ্বোধন কৰিছিল ।
অন্যহাতে বৰ্তমানৰ চৰকাৰখনে আগন্তুক পাঁচবছৰত অগ্ৰাধিকাৰ দিয়া কৰ্ম আঁচনিৰ ক্ষেত্ৰত অসমৰ বানসমস্যাৰ স্থায়ী সমাধানৰ বিষয়টোৱেও যিহেতু স্থান লাভ কৰিছে, সেয়ে তেনে আঁচনিৰ সামগ্ৰীক , ফলপ্ৰসূ আৰু শীঘ্ৰ কাৰ্যব্যৱস্থাই হে কেৱল প্ৰস্তাৱিত বিশ্ববিদ্যালয়ৰ ভূমি সংৰক্ষণ কৰি ৰাখিব বুলি অঞ্চলটোৰ সচেতন তথা সাধাৰণ নাগৰিক সকলৰ বিশ্বাস।

প্ৰতিবেদনঃ অনালি শৰ্মা

Leave a Reply

Your email address will not be published. Required fields are marked *