ডিজিটেল ডেস্কঃ ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত কৰ্মৰত অৱস্থাত গুৰুতভাৱে আহত হৈছিল মইনা নায়ক। বৰ্তমান গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ থকা মইনা নায়কক অৱশেষত ১৩,৪১,৪৯৮ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰে লেপেটকটা চাহ বাগিছা কৰ্তৃপক্ষই।উল্লেখ্য যে মইনা নায়কক উক্ত ক্ষতিপূৰণৰ বাবে চাহ কৰ্তৃপক্ষক ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্তই নিৰ্দেশ দিছিল যদিও লেপেটকটা চাহ কৰ্তৃপক্ষই বিভিন্ন অজুহাত দেখুৱাই ক্ষতিপূৰণ কৰাৰ বিষয়টো পিছুৱাই আছিল,যদিও অৱশেষত দুটা কিস্তিত মইনা নায়কক ক্ষতিপূৰণ প্ৰদান কৰে লেপেটকটা চাহ কৰ্তৃপক্ষই।
উল্লেখ্য যে যোৱা ৮ আগষ্টত ৯ লাখ টকা আৰু বাকী থকা ধন বুধবাৰে গুৱাহাটী মেডিকেল কলেজত চেকযোগে প্ৰদান কৰে চাহ বাীগিছা কৰ্তৃপক্ষই ।যোৱা ১৯ জুলাইত অস্থায়ী মহিলা শ্ৰমিক হিচাপে কৰ্মৰত মইনা নায়ক ফেক্টৰীৰ ভিতৰত চি টি চি ড্ৰায়াৰ মেচিনৰ সংস্পৰ্শলৈ আহি গুৰুতভাৱে আহত হৈছিল। অতি গুৰুতভাৱে আহত হোৱা মইনা নায়কক প্ৰথম অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত বহুতো দল-সংগঠনৰ দাবীত চৰকাৰে জি এম চি এইচ লৈ স্থানান্তৰ কৰিছিল।