মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক বৃহৎ ক্ষতি। ২৮ জানুৱাৰী পুৱা মহাৰাষ্ট্ৰৰ বাৰামতীত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। এই বিমান দুৰ্ঘটনাত মৃত্যু হয় মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ। বিমানখনত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ লগতে ২ জন জোৱান আৰু ২ জন ক্ৰু সদস্য আছিল। প্ৰাৰম্ভিক তথ্য অনুসৰি দুৰ্ঘটনাটোত কোনো লোক জীৱিত অৱস্থাত নাই। পুৱা ৮-১০ মিনিটত মুম্বাইৰ পৰা ৰাওনা হোৱা বিমানখন মন্ত্ৰীগৰাকীৰ ব্যক্তিগত বিমান আছিল। বাৰামতীত অৱতৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। পুৱা প্ৰায় ৯:১৫ বজাত দেখা গৈছে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ জ্বলি থকা ধ্বংসাৱশেষ। তথ্য অনুসৰি অগ্নিনিৰ্বাপক বাহিনী আৰু এম্বুলেন্স ক্ষীপ্ৰতাৰে সেই স্থানত উপস্থিত হয় যদিও জ্বলি থকা বিমানখনৰ কাষ চপাটো বৰ বিপদসংকূল আছিল।
অজিত পাৱাৰৰ লগতে পত্নী আৰু আন লোকসকল নিৰ্বাচনী প্ৰচাৰৰ বাবে মহাৰাষ্ট্ৰৰ পৰা বাৰামতীলৈ গৈছিল। আগন্তুক পৌৰনিগমৰ নিৰ্বাচন সন্দৰ্ভত পোনেত অনুষ্ঠিত হ’বলগীয়া কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছিল উপ মুখ্যমন্ত্ৰী গৰাকীৰ। উপ মুখ্যমন্ত্ৰী গৰাকীৰ আকস্মিক মৃত্যুত সমগ্ৰ দেশতে এতিয়া শোঁকৰ ছাঁ পৰিছে। এই দুৰ্ঘটনাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে শোঁক প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে দেশৰ কেইবাজনো মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে এই দুৰ্ঘটনাৰ শোঁক প্ৰকাশ কৰিছে।