টি-২০ বিশ্বকাপত ভাৰত পাকিস্তানৰ মাজত অহা ২৪  অক্টোবৰত মহাৰণ

Share

সুপ্ৰিয়া তৰফদাৰ, ৫ অক্টোবৰঃ অহা ২৪ অক্টোবৰত হ’বলগীয়া ভাৰত পাকিস্তানৰ মেচক লৈ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত সৃষ্টি হয় এক তীব্ৰ উৎকণ্ঠা ।যাৰ ফলত মাত্ৰ ১ ঘণ্টাৰ ভিতৰতে টিকট শেষ হ’ল । সোমবাৰে আই চি চিয়ে বিশ্বকাপৰ মেচসমূহৰ টিকট বিক্ৰী আৰম্ভ কৰাৰ পিছত ভাৰত পাকিস্তানৰ হাই ভল্টেজ মেচক লৈ ক্ৰিকেটপ্ৰেমীসকলৰ মাজত এক ব্যপক পৰিমাণে চাহিদা বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে।

আই চি চিয়ে সদৰী কৰা অনুসৰি জানিব পৰা যায় যে ডুবাইত ২৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ টিকট মাত্ৰ কেইঘন্টাৰ ভিতৰতে শেষ হৈ যায় । ইউ এ ইত সাধাৰণতে সবোতোকৈ কম মূল্যৰ টিকট ৬০০ টকাত পোৱা যায় যদিও ভাৰত পাকিস্তানৰ বহু প্ৰত্যাশিত মেচখনৰ টিকটৰ মূল্য ইতামধ্যে ৩৩৩ গুণ বৃদ্ধি পাইছে । ২৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেচখন উপভোগ কৰিবলৈ সৰ্বাধিক ২ লক্ষ টকা ব্যয় কৰিব লাগিব । সবোতোকৈ কম মূল্যৰ টিকট ১২,৫০০ টকা।

Leave a Reply

Your email address will not be published. Required fields are marked *