সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজৰ শিৱসাগৰ বাসীৰ সহযোগত অনুষ্ঠিত হৈছে মহা পালনাম।৩১ অক্টোৱৰৰ পৰা ৪ নৱেম্বৰ লৈকে অব্যাহত থাকিব মহা পালনাম।বৰ্ডিং খেলপথাৰ ভক্তিৰসে ভৰি পৰিছে।আটক ধুনীয়াকৈ সজাই তোলা হৈছে অস্থায়ী নামঘৰ সদৃশ বিশাল মণ্ডপ ।একেলগে ২৫০০ জন ভকত বৈষ্ণৱে বহি নাম প্ৰসংগ কৰিব পৰাকৈ সজাই তোলা হৈছে মণ্ডপ।উদযাপন সমিতিও অতিথি আপায়নৰ বাবে সাজু হৈছে।অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰিব এই মহা পালনামত।মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।মহা পালনামৰ আনুষ্ঠানিক উদ্বোধন কৰিলে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে।মহা পালনামৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে পুৱাতে উত্তোলন কৰিলে ধৰ্মধজ্জা,শত সংখ্য়ক পতাকা।ইয়াৰোপৰি অনুষ্ঠিত হ’ব শৰাই অৰ্পণ,নাম প্ৰসংগ,কীৰ্ত্তন পাঠ,ধৰ্মীয় শোভাযাত্ৰা,নাগাৰা নাম,দিহা নাম,ভাওনা প্ৰদৰ্শন।মহামাৰী কভিডে বিশ্বৰ মানৱ জাতিৰ ওপৰত সংহাৰি ৰূপ ধৰি বহু ক্ষয়-ক্ষতি কৰিলে।মহামাৰী ৰোগ,অপায়-অমংগল দূৰ কৰাৰ উদ্দেশ্যৰে শিৱসাগৰত সদৌ অসম কৃষ্ণ সূৰ্য নাম সমাজে শংকৰদেৱে সৃষ্টি কৰা মহা পালনাম ৫ দিনীয়াকৈ অনুষ্ঠিত কৰিছে।