বন্দনা হাজৰিকা
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়েৰে দেশলৈ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা আজি স্ব-ৰাজ্যত উপস্থিত হোৱাৰ লগে লগেই ৰাজ্য চৰকাৰে বিপুলভাৱে আদৰণি জনায় । আজি বিয়লি কলাক্ষেত্ৰ ত অনুষ্ঠিত হোৱা সম্বন্ধৰ্না অনুষ্ঠানত লাভলীনাক ১কোটি টকাৰ চেক প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ।
তাৰোপৰি লাভলীনাক অনুশীলনৰ বাবে প্ৰতি মাহে ১লাখকৈ টকা জলপাণি হিচাপে প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰে । ইয়াৰোপৰি লাভলীনাৰ প্ৰতিগৰাকী প্ৰশিক্ষকক ১০ লাখকৈ টকা দিয়া হ’ব বুলিও ৰাজ্য চৰকাৰে উল্লেখ কৰে । লাভলীনাক ডি এছ পি পদতো নিযুক্তি প্ৰদান কৰিলে ৰাজ্য চৰকাৰে ।