শোভাশ্ৰী বাৰিক
গুৱাহাটী,৪ আগষ্ট: অসম কন্যা লাভলীনা বৰগোহাঁই ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হব।টকীঅ’ৰ পৰা নতুন দিল্লী, তাৰপিছত বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হব।লাভলীনা। বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ সময়ত লাভলীনাক ৰেড কাৰ্পেট পাৰি আদৰণি জনাব ৰাজ্য চৰকাৰে।ৰাজ্য চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনা ক বিপুল ভাৱে সম্বৰ্ধনা জনাব।লাভলীনা বৰগোহাঁই স্ব গৃহত ৰাজ্যিক সন্মানৰ মৰ্যাদাৰে চৰকাৰে আদৰণি জনাব। গোলাঘাট ৰ বৰপথাৰৰ বাৰমুখীয়া গাঁওৰ ঘৰত জিলা উপয়ুক্তৰ তত্বাৱধানত থাকিব লাভলীনা।অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোহাঁই ৰ নাম ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে।লাভলীনা ক চৰকাৰে অসম ক্ৰিয়া নীতি অনুযায়ী ৫০ লাখ টকা আৰু APS/ACS পৰ্যায়ৰ চাকৰি প্ৰদান কৰিব।