ৰাজীৱ কলিতাৰ বিশেষ প্ৰতিবেদন:
গুৱাহাটী, ৪ আগষ্ট: টকিঅ’ অলিম্পিকত বক্সিঙ ৰিঙত পৰিজিত হলেও লাভলীনাই জয় কৰিলে প্ৰত্যেকজন ভাৰতীয় তথা ক্ৰীড়াপ্ৰেমীৰ হৃদয়।ছেমি ফাইনেলত পৰাজিত হলেও ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব লাভলীনা বৰগোঁহাই। এটা সোণালী ভৱিষ্যত তথা অসমীয়াৰ সাহসৰ নিদৰ্শন হৈ ৰব লাভলীনা। অসম কন্যা লাভলীনা অলিম্পিকত পদক বিজয়ী প্ৰথম অসমীয়া। লাভলীনা তৃতীয় ভাৰতীয় বক্সাৰ তথা দ্বিতীয় ভাৰতীয় মহিলা বক্সাৰ। স্বৰ্ণ জয় কৰিব নোৱাৰিলেও স্বৰ্ণিল ইতিহাস ৰচিলে লাভলীনাই।