অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই আজি অসমলৈ

Share

সুপ্রিয়া তৰফদাৰ

গুৱাহাটী, ১২ আগষ্ট : টকিঅ’ অলিম্পিকত পদক জয় কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যত ভৰি দিলে লাভলীনা বৰগোহাঁই। দিল্লীৰ পৰা পিতৃ টিকেন বৰগোহাঁইৰ সৈতে পুৱা ৯.৩০ বজাত লাভলীনা গুৱাহাটী বিমান বন্দৰত উপস্থিত হয়। লাভলীনাক আদৰিবলৈ বিমানবন্দৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ক্ৰীড়া মন্ত্ৰী বিমল বৰা লগতে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব।

   হুঁছৰিৰে বিমানবন্দৰৰ পৰা আদৰণি জনায় লাভলীনাক।বিমানবন্দৰৰ বাহিৰত বহু অনুৰাগী উপস্থিত।বিমান বন্দৰত আৱেগিক হৈ পৰিল লাভলীনা বৰগোহাঁই।অসমবাসীক ধন্যবাদ জনালে বক্সাৰগৰাকীয়ে।তেওঁৰ সফলতা কামনা কৰি প্ৰাৰ্থনা কৰাৰ বাবে সকলো।অসমবাসীক ধন্যবাদ জনালে লাভলীনাই।বিমানবন্দৰত তেওঁক জনোৱা আদৰণি দেখি অভিভূত।পুনৰবাৰ অলিম্পিকত স্বৰ্ণ জয় কৰিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰিছে বক্সাৰগৰাকীয়ে।লাভলীনাক জনোৱা আদৰণি আৰু অসমবাসীৰ আদৰ দেখি আনন্দ প্ৰকাশ অলিম্পিক পদক বিজয়ী বক্সাৰগৰাকীৰ।লাভলীনাৰ সতীৰ্থ বহু কেইগৰাকী বক্সাৰেও লাভলীনাক জনাইছে আদৰণি।

  আন্তঃৰাষ্ট্ৰীয় বক্সাৰ যমুনা বড়ো, ফাইলাও বসুমতাৰীয়ে লাভলীনাক জনাইছে আদৰণি।প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় বক্সাৰ কল্পনা চৌধুৰীয়েও লাভলানীক গামোচাৰে জনালে আদৰণি।বিমানবন্দৰৰ চাৰিওফালে শুনা গৈছে ঢোল-পেপাৰ মাত।

Leave a Reply

Your email address will not be published. Required fields are marked *