নিউজ ডেস্ক, ১১ চেপ্তেম্বৰঃটকিঅ’ অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ সফল খেলুৱৈ লাভলীনা বৰগোঁহাইয়ে পুনৰ ব্যস্ত অনুশীলনত।আগন্তুক পেৰিছ অলিম্পিকত স্বৰ্ণ জয়ৰ লক্ষ্যৰে অনুশীলনত ব্যস্ত লাভলীনাৰ।২০২০ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিয়েই ব্ৰঞ্জৰ পদক আজুৰি অনা গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ লাভলীনা বৰগোঁহাইৰ লক্ষ্য ২০২৪ চনৰ পেৰিছ অলিম্পিক গেমছৰ স্বৰ্ণপদক।
টুইটাৰত অনুশীলনৰ ফটো শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰে অসমৰ বক্সাৰগৰাকীয়ে। উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই ৩ ছেপ্টেম্বৰত সৰুপথাৰৰ বাৰমুখীয়াৰ আপোন গাঁৱৰ আপোন ঘৰখনক বিদায় জনাই বাংগালুৰুৰ অনুশীলন শিবিৰলৈ ৰাওনা হৈছিল।
সম্প্ৰতি বাংগালৰুত থকা অৰ্জুন বটা বিজয়ী লাভলীনা বৰগোহাঁইয়ে পুৱা যদি ব্যায়াম কৰিছে আকৌ গধূলি ৰিঙত নামি বক্সিং খেলিছে। মুঠৰ ওপৰত লাভলীনা বৰগোঁহাইৰ দুচকুত এতিয়া মাথো পেৰিছ অলিম্পিকৰ স্বৰ্ণপদকৰ সপোনে।বক্সিং ইণ্ডিয়াৰ সচিব তথা অসম বক্সিং এছোছিয়েছনৰ সাধাৰণ সম্পাদক হেমন্ত কলিতায়ো লাভলীনাৰ লগতে অন্যান্য খেলুৱৈ সকলক আগন্তুক প্ৰতিযোগিতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।