কবিতা দেৱী
বৰঝাৰ, ১৮ আগষ্টঃ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া।
বিমান বন্দৰৰ নাম কোনেও সলনি কৰিব নোৱাৰে।
বিমান বন্দৰৰ নাম লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰেই থাকিব। নামটোক লৈ আমি কোনোধৰণৰ উত্তেজনাৰ সৃষ্টি কৰিব নালাগে। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে, নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হৈ থকালৈকে নামটো কোনেও সলনি কৰিব নোৱাৰে। গোলাঘাটত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে দেশৰ মুঠ ৬ টা বিমান বন্দৰ ব্যক্তিগত খণ্ডক গটাইছে কেন্দ্ৰীয় চৰকাৰে।
এই বিমান বন্দৰ কেইটা হ’ল আহমেদাবাদ, লক্ষ্ণৌ, মাংগালুৰু, জয়পুৰ, তিৰুৱান্তাপুৰম আৰু গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।