ৰাজ্যত সমাগত পোহৰৰ উৎসৱ দীপাৱলী।পোহৰময় হৈ পৰিব বিভিন্ন আলোকসজ্জাৰে সমগ্ৰ ৰাজ্য।অমাৱস্যাৰ নিশা মাটিৰ চাকিৰে দীপাৱলীৰ আকাশ পোহৰাই তুলিবলৈ সাজু হৈছে ৰাজ্যবাসী।এই আনন্দৰ মাজতে কামৰূপ মহানগৰত ১ নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা কৰো হৈছে।দিপাৱলী উপলক্ষে কামৰূপ মহানগৰত বন্ধ ঘোষণা কৰা হৈছে।কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰে স্থানীয় বন্ধৰ নিৰ্দেশনা।৩১ অক্টোবৰতো দীপাৱলী উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়।১ নৱেম্বৰতো কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব চৰকাৰী কাৰ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠানকে ধৰি সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান।