মীৰাবাঈ চানুক ১ কোটি টকাৰ পুৰস্কাৰ মনিপুৰ চৰকাৰৰ

Share

ৰাজীৱ কলিতা

টকিঅ’ অলিম্পিকত ভাৰোত্তলন (Weight Lifting)ত ৰূপৰ পদক জয় কৰি ভাৰতক গৌৰৱান্বিত কৰা মণিপুৰৰ খেলুৱৈ মীৰাবাঈ চানু (Mirabai Chanu)লৈ ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে মণিপুৰ চৰকাৰে। আজি মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে (N Biren Singh)  ঘোষণা কৰে এই পুৰস্কাৰ।
শনিবাৰে অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক অৰ্জন কৰি দেশৰ লগতে মণিপুৰলৈও গৌৰৱ কঢ়য়াই আনিছে মীৰাবাঈ চানুৱে। ৪৯ কেজি শাখাত মুঠ ২০২ কেজি ভাৰ উত্তোলন কৰি এই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মীৰাবাঈয়ে। এই ১ কোটি টকাৰ পুৰস্কাৰ এন বিৰেন সিঙে উওৰ-পূৱৰ মন্ত্ৰীসকলৰ সৈতে এখন আলোচনাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মীৰাবাঈ চানুক এই পুৰষ্কাৰ দিয়া হব বুলি ঘোষণা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *