শেষকৃত্য সম্পন্ন হ’ব আজি খ্যাত শিল্পী বাপ্পী লাহিড়ীৰ 

Share
গুৱাহাটী ,১৭ ফেব্রুৱাৰীঃমুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন সময়ছোৱাতে মঙলবাৰে ১১:৪৫ বজাত ৬৯ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰে বলিউডৰ বিখ্যাত সংগীত শিল্পী তথা পৰিচালক বাপ্পী লাহিড়ীৰ আজি শেষকৃত্য সম্পন্ন কৰা হ’ব ।তেওঁৰ শেষকৃত্য অনুষ্ঠানত বুধবাৰৰ পৰিবৰ্তে বৃহস্পতিবাৰ অনুষ্ঠিত কৰা হৈছে বাপ্পী দাৰ পুত্রলৈ অপেক্ষা কৰাৰ বাবেই ।বুধবাৰে নিশা আমেৰিকাৰ পৰা মুম্বাইত উপস্থিত হৈছে বাপ্পীদাৰ পুত্র ।দীৰ্ঘদীন ধৰি অসুস্থ হৈ মৃত্যু হোৱা এইগৰাকী শিল্পীৰ মৃত্যুত সমগ্ৰ বলিউডৰ লগতে বিশিষ্ট ব্যক্তিসকলে শোক প্রকাশ কৰাৰ উপৰিওঁ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে টুইটযোগে শোক প্রকাশ কৰি এনেদৰে কয় ‘ বাপ্পী লাহিড়িৰ সংগীতে সকলো সামৰিছিল , সুন্দৰকৈ   প্রকাশ কৰিছিল বিভিন্ন অনুভৱ ।
বিশিষ্ট গায়ক তথা সংগীত পৰিচালকজন অৱষ্ট্রাকটিভ শ্লীপ এপনিয়া আৰু বুকুৰ সংক্রমণত ভুগিছিল । অৱষ্ট্রাকটিভ শ্লীপ এপনিয়া হৈছে নিদ্রাৰ সৈতে জড়িত এক শ্বাস প্রশ্বাসজনিত বিকাৰ ।বহু প্রচেষ্টাৰে সুস্থ কৰি তুলিবলৈবিচাৰিছিল যদিও চিকিৎকে এই প্রচেষ্টাত বিফল হ’ল ।সোণৰ চেইন আৰু চানগ্লাছ পৰিহিত এই বিখ্যাত গায়ক তথা সংগীত পৰিচালকজন সপ্তম ,অষ্টম আৰু  নৱশ দশকৰ বহু কেইখন চলচ্চিত্রৰ গীতৰ বাবে পৰিচিত আৰু জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল এইগৰাকী বাপ্পী লাহিড়ী । এইসমূহৰ ভিতৰত ‘ ‘ চলতে চলতে ‘ ‘জখমী’ ‘আপ কী খাতিৰ’ ৱাৰদাত’ চাহেব , ‘শৰাবী ‘ আদি অন্যতম ।

Leave a Reply

Your email address will not be published. Required fields are marked *