অসমবাসীলৈ সুখবৰ, এছিয়ান ভাৰ উত্তোলনত পদক অৰ্জন লক্ষী ৰাজখোৱাৰ

Share

অসমবাসীলৈ এক সুখবৰ। অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে চাবুৱাৰ লক্ষী সোণোৱাল ৰাজখোৱাই। ভাৰতীয় দলৰ হৈ ৬৩ কেজি মাষ্টাৰ্চ মহিলা শাখাত প্ৰতিনিধিত্ব কৰি কেৰেলাত ১ মে’ৰ পৰা ৬ মে’লৈকে অনুষ্ঠিত হোৱা এছিয়ান পুৰুষ- মহিলা ভাৰ উত্তোলন প্ৰতিযোগিতাত(Asian Men Women Equipped Powerlifting Championship)ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে লক্ষী সোণোৱাল ৰাজখোৱাই।

উল্লেখ্য যে, ভাৰত তথা অসমবাসীলৈ গৌৰৱ কঢ়িয়াই অনা মহিলা খেলুৱৈ গৰাকী হৈছে চাবুৱা পৌৰসভাৰ উপ-পৌৰপতি ।

পদক জয় কৰি সোমবাৰৰ দিনটোত স্বগৃহত উপস্থিত হয় লক্ষী সোণোৱাল ৰাজখোৱাই। গৃহভূমিত উপস্থিত হোৱা লগে লগে চাবুৱা বিভিন্ন দল সংগঠন তথা ক্ৰীড়া প্ৰেমী ৰাইজে লক্ষী ৰাজখোৱাক উষ্ম আদৰনি জ্ঞাপন কৰে ৷

ক্ৰীড়া জগতত প্ৰতিভা সম্পন্ন হোৱাৰ  সমান্তৰালকৈ  ভাৰতীয় জনতা পাৰ্টীৰো এগৰাকী নিষ্ঠাবান কৰ্মী । লগতে  ইয়াৰ পূৰ্বেও চাবুৱাৰ এই গৰাকী মহিলা খেলুৱৈয়ে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ভাৰ উত্তোলন প্ৰতিযোগিতাত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *