মঙলবাৰে পুৱাৰে পৰা অসমৰ ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক বেদখল মুক্ত কৰিবলৈ লখিমপুৰৰ জিলা প্ৰশাসেন উচ্ছেদ অভিযান আৰম্ভ কৰে। লখিমপুৰৰ সহকাৰী বন সংৰক্ষক গৰাকীয়ে উল্লেখ কৰা মতে ৫০০ হেক্টৰতকৈও অধিক বনভূমিত বেদখল কৰি আছে, যাৰ ফলত ১০০ টা পৰিয়াল প্ৰভাৱিত হৈছে। দেওবাৰে উচ্ছেদৰ বাবে নিৰাপত্তা বাহিনীৰ দ্বাৰা এটা মক- ড্ৰিলৰ পিছত তিনিদিনীয়া অভিযানত ৫০ টাতকৈও অধিক বুলড’জাৰ চলোৱা হৈছে। মঙলবাৰে প্ৰথম পৰ্যায়ৰ অভিযানত আধাখনা অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ মুঠ ২৯৯টা ঘৰ উচ্ছেদ কৰা হয়। আনহাতে দ্বিতীয় পৰ্যায়ত, বুধবাৰে মোহাঘুলী অঞ্চলৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২০১টা ঘৰ উচ্ছেদ কৰা হব। লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সত্তাৱানে উল্লেখ কৰে যে ৮০ টা পৰিয়ালে ইতিমধ্যে গাঁও ত্যাগ কৰিছে আৰু ১০০ জন এতিয়াও বাস কৰি আছে। আনহাতে বিগত জুলাইত ৮৪ টা পৰিয়ালে ভূমিৰ মালিকীস্বত্ব দাবী কৰি নথি-পত্ৰ দাখিল কৰিছে যদিও এইবোৰৰ পৰীক্ষা কৰাৰ পিছত ভুৱা বুলি প্ৰমাণ হৈছে।