পল্লৱী গগৈ
১৭ আগষ্ট, দৰংঃ নেপালত অনুষ্ঠিত এছ বি কে এফ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত দুটা সোণৰ পদকেৰে অসমলৈ সন্মান কঢ়িয়াই আনে দৰং-ওদালগুৰি সীমান্তৰ ভকতপাৰা গাঁৱৰ কুঞ্জলতা বড়োৱে। বিগত ১০ আগষ্টৰ পৰা ১৫ আগষ্টলৈ নেপালত অনুষ্ঠিত হোৱা এছ বি কে এফ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত প্ৰথম স্থান লাভ কৰি সোণৰ পদক লাভ কৰে।অসমলৈ গৌৰৱ কঢ়িয়াই অনা কুঞ্জলতা বড়োয়ে স্বগৃহত উপস্থিত হোৱাত অঞ্চলটোৰ ৰাইজে উষ্ম আদৰণি জনায়। লগতে স্থানীয় এম চি এল এ গৰাকীয়ে কুঞ্জলতা বড়োৰ গৃহত উপস্থিত হৈ দুইলাখ টকা পুৰস্কাৰ আগবঢ়ায়।