মাধুৰ্য্য শইকীয়া
২৮ জুলাই : ইণ্ডিয়াৰ এটা ক্ৰিকেট দলে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট মেচৰ প্ৰস্তুুতি চলাই থকাৰ সমান্তৰাল ভাৱে অন্য এটা দলে শিখৰ ধাৱানৰ নেতৃত্বত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলা খেলি থকাৰ মাজতে ক্ৰিকেট প্ৰেমীৰ বাবে আহিছে শ্ৰীলংকাৰ পৰা দু-খবৰ । খবৰতো হৈছে টিম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ কোৰ্নাল পাণ্ডিৰ ক’ভিড পজিটিভ । যাৰ পৰিপেক্ষিত্বত ২য় খন টি -২০ মেচ ২৭ জুলাইৰ পৰা বাতিল হৈ ২৮ জুলাই (আজি ) আজি অনুষ্ঠিত হব । ইতিমধ্যে ১-০ ব্যৱধানত টিম ইণ্ডিয়াই অগ্ৰগতি লাভ কৰি আছে আৰু আজিৰ মেচত ইণ্ডিয়াৰ জয় হ’লে ছিৰিজ দখল কৰিব । অহা ২৯ জুলাইত (কালিলৈ) অনুষ্ঠিত হ’ব অন্তিমখন টি২০ মেচ ।