ডিজিটেল ডেস্কঃ ৰাজ্যৰ শিক্ষা বিভাগে ২২ গৰাকী শিক্ষকক প্ৰদান কৰিব কৃতী শিক্ষকৰ বঁটা। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব এই বঁটা । ৰাজ্যৰ বিভিন্ন জিলাৰ শিক্ষক সকলে লাভ কৰিব এই কৃতি শিক্ষকৰ বঁটা।
চৰকাৰে কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰিব লগীয়া শিক্ষক সকল হ’ল- মাধ্যমিক শিক্ষাত ডিব্ৰুগড়ৰ উদয় শংকৰ গগৈ, লখিমপুৰৰ অনিৰুদ্ধ ফুকন, বিশ্বনাথৰ জগদীশ চন্দ্ৰ শৰ্মা, গোৱালপাৰাৰ ছজিমুদ্দিন আহমেদ, গোলাঘাটৰ চিদানন্দ পাঠক,ধেমাজিৰ বন্দনা হাজৰিকা, সুনিল কোচ, শিৱসাগৰ জিলাৰ অমৰজ্যোতি বৰঠাকুৰ,মনোমোহন দেৱ নাথ, নলবাৰী জিলাৰ নৃপেন দত্ত,কাছাৰৰ নিৰুপম নাথ, বঙাইগাঁৱৰ মীনাকুমাৰী মণ্ডল আৰু দৰঙৰ অৰুণ চন্দ্ৰ নাথে লাভ কৰিছে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আদি বহুকেইখন জিলাৰ শিক্ষকক প্ৰদান কৰা হ’ব কৃতী শিক্ষক বঁটা।