নিউজ ডেস্কঃ উত্তৰ গুৱাহাটীৰ হৰে কৃষ্ণ মন্দিৰত এইবাৰ চাৰিদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হ’ব কৃষ্ণ জন্মাষ্টমী। গুৱাহাটীৰ হৰে কৃষ্ণ মুভমেণ্টৰ উদ্যোগত পালন কৰা হ’ব। বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ জৰিয়তে এই কথা জনায় গুৱাহাটিৰ উপ-সভাপতি বিজয় পণ্ডিত দাসে।সংবাদমেলখনত সভাপতি গৰাকীয়ে কয় যে,” ১৮ আগষ্টৰ পৰা ২১ আগষ্ট লৈকে চাৰিদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা হ’ব কৃষ্ণ জন্মাষ্টমী। ১৮ আগষ্টৰ পৰা ১৯ আগষ্টলৈ লাড্ডু গোপালৰ অভিষেক হ’ব। ইয়াৰ পাছত ২০ আগষ্টত নন্দোৎসৱ উদযাপন কৰা হ’ব। জন্মাষ্টমীৰ মুখ্য আকৰ্ষণ হৈছে লাড্ডু গোপালৰ ঝুলন সেৱা। ইয়াৰ লগতে ক্ৰমে নাম জাঁপ, ছাপন্ন ভোগ আদি অনুষ্ঠিত হ’ব।
উল্লেখ্য যে,এইবাৰ ৫০ হাজাৰৰো অধিক ভক্তৰ সমাগম ঘটাৰ আশা কৰিছে বিজয় পণ্ডিত দাসে। লগতে তেওঁ ৰাজ্যৰ সকলো ভক্তপ্ৰাণ ৰাইজক জন্মাষ্টমীত যোগদান কৰিবলৈ আহৱান জনায়।